117
গোৱালপাৰাঃ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈ থকা পৰিবৰ্তনকামী চৰকাৰৰ দিনত প্ৰতিখন আঁচনি ৰূপায়ণত কেৱল সংঘটিত বিয়াগোম দুৰ্নীতি ঘটাৰ অভিযোগ উত্থাপিত হৈছে৷ এইবাৰ পঞ্চায়তৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি জানিবপৰা গৈছে৷
দুৰ্নীতি সংঘটিত হোৱাৰ বাবেই নিৰ্মাণ কাৰ্য সম্পুৰ্ণ নৌহওতেই ৫ লাখ টকীয়া কালভাৰ্ট ভাঙি পৰা পৰিলক্ষিত হৈছে৷ এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ মাটিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কাৰিপাৰা পঞ্চায়তত ৷