মুম্বাইঃ পলাই ফুৰিছে টিভিএফৰ সঞ্চালক অৰুণাভ কুমাৰে৷ দা ভাইৰেল ফিভাৰ নামৰ জনপ্ৰিয় ইউটিউব চেনেলটোৰ সঞ্চালকজনৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৰ প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগত বুধবাৰে এজাহাৰ দাখিল কৰিছিল ৷

ইয়াৰ পিছতেই পলাতক হৈ আছে সঞ্চালকজন৷ ১২ মাৰ্চত সঞ্চালকজনৰ বিৰুদ্ধে  প্ৰাক্তন সহকৰ্মী এজনে চ’ছিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে যৌন আতিসায্যৰ অভিযোগ উত্থাপন কৰিছিল৷ ইয়াৰ পিছতেই কেইবাগৰাকী মহিলাই অনুৰূপ অভিযোগ উত্থাপন কৰিছিল অৰুণাভ কুমাৰৰ বিৰুদ্ধে ৷

কালি দাখিল কৰা এজাহাৰৰ ভিত্তিত আজি মুম্বাই আৰক্ষীয়ে টিভিএফৰ কাৰ্যালয়ত অনুসন্ধান চলায়, কিন্তু অভিযুক্ত অৰুণাভক সন্ধান বিচাৰি পোৱাত অসমৰ্থ হয় আৰক্ষী৷ আৰক্ষীয়ে ইতিমধ্যে বিভিন্ন স্থানত বিচাৰ খোচাৰ আৰম্ভ কৰিছে৷ আনহাতে এই ঘটনাক ভিত্তিহীন  ৰু ভুৱা আখ্যা দিছে টিভিএফে৷