মৰিগাওঁঃ সমাজৰ শান্তি-শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ গৈ নিজে আইন ভংগ কৰা দুজন আৰক্ষীক আদালতে বিহিছে শাস্তি। সাংবাদিকৰ কেমেৰাৰ সমুখত যুৱক-যুৱতীক উলংগ কৰি ৰখা দুই আৰক্ষীৰ বিৰুদ্ধে যুঁজ দি জয়ী হ’ল এজন যুৱক। মৰিগাওঁ আদালতৰ এই ৰায়ক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যত।
উল্লেখ্য যে, বিগত ২০১১ চনৰ ২২ আগষ্টৰ দিনা জনৈক ইছলাম নামৰ যুৱক এজনে মৰিগাওঁ চহৰস্থিত ভাড়াঘৰত এগৰাকী যুৱতীৰ সৈতে থকাৰ সময়ত একাংশ লোকে ঘৰটোত অনৈতিক কাৰ্য চলি থকা বুলি আৰক্ষীক খবৰ দিয়ে।