Home অন্যান্য খবৰকি এই ভাইৰেল ‘ময়ে মোৰে?’ ইয়াৰ আঁৰৰ কাহিনী কি, নেপথ্যত আছে কোন?

কি এই ভাইৰেল ‘ময়ে মোৰে?’ ইয়াৰ আঁৰৰ কাহিনী কি, নেপথ্যত আছে কোন?

by News Desk
A+A-
Reset
Typing 2

সংগীতৰ নাই কোনো পৰিধি৷ নাই নিৰ্দিষ্ট এক ভাষা। সংগীতে সদায় সীমাৰ পৰিধি ভাঙি বুকুৱে বুকুৱে বৈ যায়। যুগে যুগে এয়া সত্য। হোৱাই ডিছ কলাবেৰী, মানিকে মাগে হিথেই এতিয়াৰ প্ৰজন্মকো সেই কথা উদাহৰণসহ বুজাই আহিছে। এই তালিকাত শেহতীয়াকৈ সংযোজিত হৈছে আন এটি গীত। এই গীতটি আকৌ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ। গীতটোৰ ভাষা বুজি নাপালেও সুৰ আৰু সংগীতৰ বাবেই সমগ্ৰ বিশ্বতে এতিয়া প্ৰতিধ্বনিত হৈছে এটাই শব্দ ‘ময়ে মোৰে’! কিন্তু কি এই ‘ময়ে মোৰে’? 

ফেচবুক, ইনষ্টাগ্ৰামত ৰীলছ আৰু ইউটিউবত শ্বৰ্টভিডিঅ’ খুলিলেই প্ৰতিটো ৫০ টা ভিডিঅ’ৰ মূৰে মূৰে এই গীতটো এইকেইদিন শুনিবলৈ পোৱা গৈছে। গীতটোক লৈ সকলোৱে নিজৰ নিজৰ ধৰণে ভিডিঅ’ ক্ৰিয়েট কৰিছে। মুঠৰ ওপৰত নুবুজা ভাষাৰ গীতটোৱে সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমৰ নেটিজেনসকলকো চুই গৈছে। অসমীয়া ভাষী লোকসকলৰ মাজত আকৌ গীতটো অধিক বিশেষ হৈ পৰিছে। ইয়াৰ কাৰণ গীতটোৰ হিট শব্দ দুটা। বহু নেটিজেনে গীতটোৰ হিট ৱৰ্ড ‘ময়ে মোৰে’ক ‘ময়ে ময়ে’ বুলিও উল্লেখ কৰা দেখা গৈছে। একাংশই গানটো এনেধৰণেও উপস্থাপন কৰিছে যেন অসমীয়াতহে গোৱা হৈছে। বহুতে গীতটো কমেডি হিচাপে দেখাইছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0