অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতেই চাওঁতেই চাওঁতেই পদূলি মুখ পালেহি অসমীয়াৰ চেনেহৰ বাপতিসাহোন ৰঙালী বিহুটি। 

আজি গৰুবিহু। গৰুবিহু উপলক্ষে ওদালগুৰি চহৰৰ বিভিন্ন প্ৰান্তত দেখা গ'ল বিহুৰ উচাহ। কৃষিজীৱী গঞাই পুৱাই গোহালিৰ গৰুকেইটাক ওচৰতে থকা নৈ অথবা পুখুৰীলৈ নি মাহ-হালধীৰে নোৱাই-ধোৱাই পৰম্পৰাগতভাৱে গৰু বিহুটি পালন কৰে।

ইয়াৰ পাছত দীঘলতি-মাখিয়তি পাতেৰে পৰম্পৰাগতভাৱে গৰুকেইটাক বেমাৰৰপৰা ৰক্ষা কৰাৰ প্ৰাৰ্থনাৰে আৰু লগতে শ্ৰীবৃদ্ধি কামনা কৰি বিহুৱান হিচাপে নতুন পঘা প্ৰদান কৰি দীৰ্ঘায়ু কামনা কৰে।

ওদালগুৰি চহৰখনৰ আংৰাগাঁও, নলখামৰা, বগৰীবাৰী, বটাবাৰীৰ লগতে বিভিন্ন গাওঁসমূহত পুৱাই দেখা গ'ল এনে দৃশ্য। ইয়াৰ মাজতে বিভিন্ন গাঁও অঞ্চলতো গৰু বিহুৰ পৰম্পৰা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। পূৰ্বৰ তুলনাত হ্ৰাস পাইছে এইসমূহ পৰম্পৰা।

এই সন্দৰ্ভত গঞা ৰাইজে দুখ প্ৰকাশ কৰি পূৰ্বৰ তুলনাত গৰু হ্ৰাস পোৱাৰ কথাও জানিবলৈ দিয়ে। সি যি কি নহ‌ওক, ৰাজ্যত এতিয়া লোকসভা নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ সময়তে গোপনে আহি পালে আমাৰ চেনেহৰ ৰঙালী বিহুটি। সকলোৱে একেমুখে প্ৰকাশ কৰিলে যে নিৰ্বাচনৰ বতৰৰ উপৰিও যিকোনো পৰিস্থিতিতে হেৰাই যাবলৈ দিয়া নহ’ব আমাৰ সাতামপুৰুষীয়া পৰম্পৰা।