newsnextone.com | ডিজিটেল ডেস্কঃ দীৰ্ঘদিনেই বৃক্কৰ ৰোগত আক্ৰান্ত হৈ অৱশেষত মৃত্যুক আকোৱালি ললে সৰু পৰ্দাৰ বিশিষ্ট অভিনেত্ৰী ৰীতা ভাদুড়ী৷ দহ দিন ধৰি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত মৃত্যুক আকোৱালি লয়৷ ৬২ বছৰ বয়সত মৃত্যুক আকোৱালি লোৱা ৰীতাই কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ আদৰ লাভ কৰিছিল৷

৭০ দশকত ২০ খনৰো বেছি ধাৰাবাহিকত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল তেওঁ৷ এফটিআইআইৰ প্ৰাক্তন ছাত্ৰীগৰাকীয়ে মঞ্চতো ভাল অভিনয় কৰিছিল৷ প্ৰয়া ২০ বছৰ ধৰি টিভি জগতত কাম কৰি বিদায় মাগে৷ চাৰাভাই ভাৰ্চেছ চাৰাভাই, কুম কুম, আমানতৰ দৰে হিট ধাৰাবাহিকত অভিনয় কৰিছল ৰীতাই৷ মঙলবাৰে দিনৰ ১২ বজাত আন্ধেৰীৰ পাৰ্চি কলনিস্থিত শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব৷

ৰীতাৰ মৃত্যুত অভিনয় জগতৰ কেইবাগৰাকী লোকে শোক প্ৰকাশ কৰে৷ অভিনেতা শিশিৰ শৰ্মাই শোক প্ৰকাশ কৰি কয় যে তেওঁ মোৰ মাতৃৰ দৰে আছিল৷ তোমাৰ কথা বহু মনত পৰিব৷ অভিনেত্ৰী জাৰিয়া ওৱাহাব, অনিল কাপুৰ, অনুপম খেৰ আদিয়েও শোক প্ৰকাশ কৰে ৰীতাৰ মৃত্যুত৷