ছিউলঃ মৃত্যু হৈছে নেকি উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ? মহাপ্ৰতাপী শাসকগৰাকী অসুস্থ হৈ মৃত্যুৰ সৈতে যুঁজি থকাৰ বাতৰিৰ পিছত একাংশ সংবাদ প্ৰতিষ্ঠানে ৩৬ বৰ্ষীয় নেতাগৰাকীৰ মৃত্যু হোৱা বুলিও দাবী কৰিছে। ছ’চিয়েল মিডিয়াতো কৰ’না সন্ত্ৰাসৰ মাজতে কফিনৰ এখন ফটোসহ কিমৰ মৃত্যুৰ খবৰ ভাইৰেল সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে।

অৱশ্যে আন্তর্জাতিক বিশেষজ্ঞসকলৰ বাতৰিটো উৰাবাতৰি হ’ব পাৰে বুলিও সম্ভাৱনা ব্যক্ত কৰিছে। কিয়নো বিষয়টোক লৈ এই পৰ্যন্ত উত্তৰ কোৰিয়াই কোনো মন্তব্য প্ৰদান কৰা নাই। একেদৰে দেশখনৰ ওপৰত চোকা দৃষ্টি ৰখা আমেৰিকা আৰু চুবুৰীয়া ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ চৰকাৰেও কিম জং উনৰ মৃত্যুৰ বিষয়ে কোনো স্পষ্টীকৰণ দিয়া নাই।

চৰকাৰী সূত্ৰসমূহে স্পষ্টীকৰণ নিদিলেও কিম জং উনৰ অসুস্থতাৰ বিষয়ে বেছ কিছুদিন ধৰি বিভিন্ন মহলত বিভিন্ন বাতৰি প্ৰকাশ হৈ আহিছে। কিমৰ অসুস্থতাৰ বাতৰি প্ৰথমে প্ৰকাশ পাইছিল দক্ষিণ কোৰিয়াৰ এটা নিউজ প’ৰ্টেলত। বাতৰিটোত কোৱা হৈছিল যে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধানগৰাকী হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপ্ৰচাৰৰ পিছত সংকটজনক অৱস্থাত এখন ৰিজ’ৰ্টত চিকিৎসাধীন হৈ আছে৷ উক্ত ৰিজ’ৰ্টখনত ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ লগত তেওঁৰ পৰিয়াল-পৰিজনো আৰু চিকিৎসকৰ এটা বৃহৎ দলো আছে বুলিও বাতৰিটোত প্ৰকাশ পাইছে।


► কেবা কোটি লোকৰ প্ৰাণ লোৱা এইবিধ ভাইৰাছক পৰাস্ত কৰাৰ ৰোমাঞ্চকৰ কাহিনী পঢ়িবলৈ ফটোখনত ক্লিক কৰক...


দক্ষিণ কোৰিয়াৰ আগশাৰীৰ নিউজ পৰ্টেলটোৰ বাতৰিটোক লৈয়ো উত্তৰ কোৰিয়া ৰাজধানী পিয়ংইয়ংৰ তৰফৰ পৰা এতিয়ালৈকে কোনো মন্তব্য কৰা হোৱা নাই৷ দক্ষিণ কোৰিয়া চৰকাৰে এই খবৰক লৈ যথেষ্ট সংশয় প্ৰকাশ কৰাৰ সময়তে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা এক বিশেষ সূত্ৰই নিউজ পৰ্টেলটোক জনাইছে যে অস্ত্ৰোপ্ৰচাৰ হৈছে যদিও কিমৰ অৱস্থা সংকটজনক নহয়৷

এইবোৰৰ মাজতে এতিয়া কিম জঙৰ মৃত্যুৰ হোৱা সংবাদ তীব্ৰ গতিত প্ৰচাৰ হ’বলৈ আৰম্ভ কৰিছে৷ শেহতীয়াকৈ হংকঙৰ এটা টিভি চেনেলে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ মৃত্যুৰ খবৰ প্ৰচাৰ কৰিছে বুলি কেবাজনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ সাংবাদিকে টুইট কৰাত সেয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। 

কিম জং উনৰ মৃতদেহৰ ছবি বুলি এখন ফটোও ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে যদিও সেই ফটোখন কিম জং উনৰ দেউতাক কিম জং ইলৰ শেষ যাত্ৰাৰ ফটো বুলিহে জানিব পৰা গৈছে৷ সেয়া হ’লেও ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাকো বুঢ়াআঙুলি দেখুৱাই ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰাবলৈ অলপো চিন্তা নকৰা কিম জং উনৰ মৃত্যুৰ খবৰটোৱে বিশ্ববাসীৰ মাজত সৃষ্টি কৰিছে বিশেষ কৌতূহলৰ।