গোলাঘাটঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গোলাঘাট জিলাৰ বোকাখাতৰ অগৰাতলীৰ মৰিয়াহলাৰ পৰা ডিফলু পথাৰলৈ থকা মথাউৰিৰ চিগা অংশ পৰিদৰ্শন কৰে । ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিয়াহলাৰ পৰা ডিফলু পথাৰলৈ থকা ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটোৰ প্ৰায় ৫৫৫মিটাৰ চিগা অংশ মেৰামতি কৰাৰ বাবে তেওঁ ১৫ দিনৰ সময় নিৰ্ধাৰণ কৰি দিয়ে । তেওঁ ঠিকাদাৰসকলক পুঁজিৰ কথা চিন্তা নকৰি নৈপৰীয়া লোকসকলৰ স্বাৰ্থত যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে নৈপৰীয়া লোকসকলে যাতে কোনো কাৰণতে ঘৰ-বাৰী হেৰুৱাবলগীয়া নহয় সেইয়া সুনিশ্চিত কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাব ।
এই ক্ষেত্ৰত চৰকাৰৰ পৰা নিৰ্ধাৰিত সময়ত কাম সম্পন্ন কৰিব পৰাকৈ সকলো সহায়-সহযোগিতা লাভ কৰিব বুলি তেওঁ আশ্বাস দিয়ে । শ্ৰী হাজৰিকাই প্ৰাৰম্ভিক নিৰ্দেশ ওলোৱাৰ লগে লগে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে কোনো ঠিকাদাৰে যাতে কামৰ বাবে আনুষ্ঠানিক নিৰ্দেশলৈ ৰৈ নাথাকে । আনুষ্ঠানিক নিৰ্দেশলৈ অপেক্ষা কৰিলে অযথা বিলম্ব হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ সকলো চিগা মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণৰ কাম বাৰিষাৰ পূৰ্বেই সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।