গুৱাহাটীঃ এখন গ্ৰন্থৰ পৰা পোৱা সোৱাদ বিশ্বৰ আন একো খাদ্যই দিব নোৱাৰে৷ কেৱল ইমানেই নহয় গ্ৰন্থক মানুহৰ প্ৰকৃত সংগী বুলি কোৱা হয়৷ জীৱনৰ সংগী৷ গ্ৰন্থক ভালপোৱাৰ আসন খন নিজ পত্নী, সন্তান আৰু পিতৃ-মাতৃতকৈয়ো ওপৰত বুলি কব খোজে মানুহে৷ গ্ৰন্থই মানুহক সঠিক পথৰ সন্ধান দিয়ে৷ এন্ধাৰ দূৰ কৰি পোহৰ কঢ়িয়াই আনে গ্ৰন্থই৷ মনৰ পৰা দুঃচিন্তা আতৰাই সৎ পথৰ সন্ধান কৰিব পাৰে মানুহে গ্ৰন্থৰ জৰিয়তে৷
কিন্তু বৰ্তমানৰ সময়ত কিতাপৰ আদৰ কমা বুলি সময়ে সময়ে অভিযোগো উত্থাপন হয়৷ ছচিয়েল মিডিয়াৰ যুগত ছেল্ফি উঠাত ব্যস্ত থকা মানুহে কিতাপ পঢ়িব পাহৰি গৈছে নেকি বুলি সময়ে সময়ে প্ৰশ্ন উত্থাপন হয়৷ তাহানি কিতাপৰ টোপোলাৰে মানুহক বিয়াৰ শুভেচ্ছা, জন্মদিনৰ শুভেচ্ছা, প্ৰেয়সীক কিতাপৰ টোপোলা উপহাৰ দিয়া হৈছিল৷ কিন্তু এনে পৰম্পৰা বন্ধ হৈছে বুলি চৰ্চা হৈছে৷ আপোনজনক, মৰমৰ ছাত্ৰজনক মানুহে কিতাপৰ টোপোলা দিয়াৰ পৰিৱৰ্তে এতিয়া ছচিয়েল মিডিয়াত শুভেচ্ছা দিয়ে দায়িত্ব সামৰে বুলি প্ৰশ্ন উত্থাপন হয়৷ ছচিয়েল মিডিয়া আৰু মোবাইলত ব্যস্ত থকা মানুহে কিতাপৰ টোপোলাৰ কথা পাহৰি সকলো জ্ঞান-কিতাপ পঢ়াৰ সোৱাদ ইউটিউব, ফেচবুক, গুগলৰ পৰা আহৰণ কৰা বুলি অভিযোগ উত্থাপন হয়৷