বিশেষ প্ৰতিবেদনঃ জন্মিলে এদিন মৰিবই লাগিব। সৃষ্টি আছে যেতিয়া ধ্বংসও থাকিব। এয়াই জগতৰ নিয়ম। মানুহৰ যেনেকৈ জন্ম কাহিনী থাকে ঠিক তেনেকৈ মানৱ সভ্যতাৰ সৈতে জড়িত প্ৰতিটো বস্তুৰেই আছে আৰম্ভণিৰ কাহিনী। আৰম্ভণি থাকিলে থাকে শেষ, থাকে বন্ধ হোৱাৰ কাহিনী। সভ্যতাৰ প্ৰগতিৰ যাত্ৰাত এতিয়ালৈ কিমান কি বন্ধ হ’ল তাৰ কোনো ঠিকনা নাই!
সমগ্ৰ বিশ্বতে এতিয়া কৰ’না সংকট। এই কৰ’না কালৰ প্ৰভাৱ পৰিছে আমাৰ দেশ তথা ৰাজ্যতো। ক্ৰমাৎ দুৰ্বল হৈ পৰিছে অৰ্থনীতি। বন্ধ হোৱাৰ উপক্ৰম হৈছে এটাৰ পিছত এটাকৈ উদ্যোগ। বন্ধ হৈ পৰিছে কৰ্মসংস্থাপনৰ সম্ভাৱনা। কৰ’নাৰ এই সংহাৰ ৰূপত বিগত সময়ছোৱাত কি কি জাহ গ’ল সেই সকলো খবৰ ৰাইজক জনাই গৈছে সংবাদ মাধ্যমে। ইয়াৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সাংবাদিকসকলে।