ডিজিটেল ডেস্কঃ বৰ্তমান প্ৰায় সকলোৰে দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে হোৱাটছ এপ৷ দেশত দিনক দিনে বৃদ্ধি পাইছে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা লোকৰ সংখ্যা৷ তথ্য অনুযায়ী ভাৰতত হোৱাটছএপ ইউজাৰৰ সংখ্যা হৈছে প্ৰায় ২০ কোটি৷
কিন্তু শেহতীয়াকৈ গৱেষকে প্ৰকাশ কৰিছে এক বিশেষ তথ্য৷ এই তথ্য অনুসৰি ভুৱা খবৰ বিয়পোৱাত আটাইতকৈ বেছি ব্যৱহাৰ হৈছে এই মেছেজিং এপটো৷ হোৱাটছএপ ‘এণ্ড টু এণ্ড’এপ হোৱাৰ বাবে হোৱাটছএপৰ মেছেজ তথা ভিডিঅ’বোৰ কোনেও সমীক্ষা কৰা নাই৷