ডিজিটেল ডেস্কঃ মঞ্চৰ বিহু বুলিলেই পাপন-জুবিনৰ মন জুৰোৱা গীতবোৰ মনলৈ আহে। জুবিন বাৰু গুৱাহাটীতে আছে, কিন্তু পাপন ক’ত? ৰিয়েলিটি শ্ব’ ভইচ ইণ্ডিয়া কিডচৰ প্ৰাৰ্থীক মৰমতে চুমা খাই বিতৰ্কৰ মাজত সোমাই পৰা পাপনক গুৱাহাটীৰ মঞ্চৰ বিহুত আদৰি ল’ব নে নাই তাকে লৈ বহুদিনৰে পৰা গুণাগঁথা চলি আছিল। আজি বিহুৰ দ্বিতীয়টো দিন, অৰ্থা গোসাঁই বিহু। কিন্তু পাপনক দেখা নাই গুৱাহাটী অথবা অসমৰ কোনো এখন বিহুমঞ্চত। ‘সোঁৱৰণি কুঁৱলী ফাঁকেৰে’ গাই সকলোকে এই বিহুৰ বতৰত আৱেগ বিহ্ৱল কৰি তোলা অসমৰ সুযোগ্য সন্তানজন অসমভূমিত সম্প্ৰতি নাই বুলি জানিব পৰা গৈছে।
>