গুৱাহাটীঃ ৰাজ্যত এতিয়া মহিলা-শিশু কিমান সুৰক্ষিত তাকলৈ এতিয়া চৌদিশে উত্থাপন হৈছে প্ৰশ্ন৷ ৰাজ্যৰ নাৰীক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা মিত্ৰজোঁটৰ তিনিওটা দল অগপ, বিপিএফ আৰু বিজেপিৰ বিৰুদ্ধে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷
ৰাজ্যত তিনিওটা দলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা অভিলেখ সংখ্যাক ধৰ্ষণ, নাৰী নিৰ্যাতন আৰু হত্যাকাণ্ড সংঘটিত হৈছে৷ প্ৰতিটো কাণ্ডৰ পিছতে চৰকাৰে নাৰীক সুৰক্ষা দিয়াৰ কথা কয় যদিও এটাৰ পিছত এটা তেনে ঘটনা সংঘটিত হৈ আহিছে ৰাজ্য খনত৷