নগাঁওঃ ৰাজ্যৰ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বিভাগটোক সুস্থিৰ আৰু গতিশীল কৰি তোলা বুলি সঘনে ঘোষণা কৰি থকাৰ সময়তে নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিন ধৰি বন্যপ্ৰাণীৰ চোৰাং বেহা ৰমৰমীয়াকৈ চলি থকাৰ বাতৰি পোৱা গৈছে ৷
জিলাদুখনৰ সীমান্তৰ টুকটুকী, বৰিবজাৰ, গা-খজুৱা, ভূৰবন্ধা, দলংঘাট, জাজৰি, বাউলাবড়ি, মিকিৰভেটা, লাহৰিঘাট, বেছামাৰী, শিমলুগুৰি আদি ভিতৰুৱা গ্ৰামাঞ্চলবোৰৰ সহজ-সৰল লোকসকলৰ অনগ্ৰসৰতাৰ অচিলা লৈ এচাম অসাধু ব্যৱসায়ীয়ে গোপনে বামুণ ভেকুলী, শামুক, ফেঁচা, হুদু, কুকুৰ আদি জীৱ-জন্তুৰ অবৈধ বেহা নিৰ্বিঘ্নে চলাই আহিছে৷