নলবাৰীঃ ৰাজ্যত নিৰাপত্তাৰ সুৰুঙা লৈ বৰ্তমানেও বিভিন্ন ঠাইত চলি আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। তাৰে মজতেই পুনৰ নলবাৰীৰ মাখিবাহাত শুকুৰবাৰৰ নিশা মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে কেইবা কাৰ্টুন বিলাতি সুৰা জব্দ কৰে।
জানিবলৈ পোৱা মতে, শুকুৰবাৰে নিশা কোনো স্থানৰ পৰা মাখিবাহালৈ এখন টেম্প’ গাড়ীত বহু কাৰ্টুন বিলাতি সুৰা অবৈধ ভাবে কঢিয়াই আনিছিল। পিছত অপৰাধীৰ সুৰা ভৰ্তি গাড়ী দুৰ্ভাগ্যবশত আছু কৰ্মী সকলৰ মুখামুখি হয়। লগে লগে আছু কৰ্মী সকলে গাড়ীখনত সুৰা অনা বুলি জানি জব্দ কৰে। কিন্তু এন্ধাৰৰ সুযোগ লৈ গৰাকী সহ গাড়ী চালক পলাই যায়। অৱশেষত আৰক্ষীৰ হাতত গটাই দিয়ে গাড়ী সহ সুৰা খিনি।