লংকাঃ হোজাই জিলাৰ লংকাস্থিত কৃষ্ণবৰা বি. এড মহাবিদ্যালয়খনৰ তত্বাৱধানত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীৰদ্বাৰা গঠিত ‘জাগৃতি’ নামৰ সংস্থাটোৱে আজি লংকাৰ ইছলামবস্তি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত নাৰী সবলীকৰণৰ বাবে এখনি সজাগতা সভাৰ আয়োজন কৰে।
উক্ত সজাগতা সভাত সভাপতিৰ আসন অলংকৃত কৰে কৃষ্ণ বৰা বি. এড. কলেজৰ জেষ্ঠ প্ৰবক্তা চাহজাহান আলীয়ে। বিশিষ্ট শিক্ষাবিদ ইব্ৰাহীম আলী প্ৰমুখ্যে লংকাৰ কেইবাজনো বিশিষ্ট ব্যক্তি, আদৰ্শ যুৱ মঞ্চৰ কৰ্মী, স্থানীয় ৰাইজৰ লগতে শতাধিক মহিলাই উক্ত সভাত অংশগ্ৰহণ কৰে।