66
ঢেকীয়াজুলিঃ ঠেলামৰা বাপুজি ভৱন প্ৰাংগণত অনুষ্ঠিত এখনি সাধাৰণ সভাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ (আমছু) ঠেলামৰা আঞ্চলিক সমিতিখন গঠন কৰা হয়৷
শোণিতপুৰ জিলা সমিতিৰ সভাপতি ময়দুল ইছলাম, কাৰ্যকৰী সভাপতি ৰহমত আনছাৰী, সাধাৰণ সম্পাদক আফতাব আলমৰ উপস্থিতিত আজি অনুষ্ঠিত সভাখনিত সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰাৰ লগতে আঞ্চলিকৰ ৩১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়৷