আজাৰাঃ সৃষ্টিৰ বাবে প্ৰয়োজন এটি অনুভৱী মন। কাণেৰে নুশুনিলেও, মুখেৰে একো প্ৰকাশ কৰিব নোৱাৰিলেও আন দহজনতকৈ সক্ষমতাৰে শিল্পৰ যোগেদি মনৰ অভিব্যক্তি ঘটোৱা লোকজনেই হৈছে পলাশবাৰীৰ মৃণ্ময় শিল্পী জগত কুমাৰ। মাটীৰে গঢ়ি গৈছে জগতে নিজৰ জীৱনৰ সংগ্ৰামখন।
গুৱাহাটী মহানগৰীৰ সমীপৰ বৰঝাৰ বিমান বন্দৰৰ একেবাৰে গাতে লাগি থকা বঙৰাৰ সলেশালা গাওঁ। এই অনগ্ৰসৰ গাওঁখনৰেই এইজন বিশেষভাৱে সক্ষম জগত কুমাৰৰ জীৱন সংগ্ৰাম। অদম্য সাহসেৰে কুমাৰে নিজৰ উপাৰ্জনেৰে নিজৰ পৰিয়ালটো লগতে ব্যৱসায় প্ৰতিষ্ঠান চলাই আছে।