92
বিহালীঃ ২৪ নং অসম ৰাইফলচ আৰু বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে এজন এনডিএফবি (সংজিবিত) গোটৰ এজন সদস্যক আটক কৰে। বিশ্বনাথৰ বালিডোঙাত আটক কৰে এই সদস্যজনক।
আটকাধীন কেডাৰজনৰ নাম তাৰা লাবাং (৩৬) বুলি জানিব পৰা গৈছে। এই অভিযান মেজৰ মনু তনোৱাৰৰ নেতৃত্বত অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ তিনিসূঁতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগত শইকীয়াৰ সহযোগত ধৃত কেডাৰজনক আটক কৰে।