শিমলুগুৰিঃ শিৱসাগৰ জিলাৰ শিমলুগুৰিত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব চুটুকান কাৰাটে প্ৰতিযোগিতা। স্থানীয় কুংফু আৰু কিক বক্সিং সন্থাৰ উদ্যোগত আৰু একাডেমী অফ টেডিচেনল চুটুকান কাৰাটে ডু ইণ্ডিয়াৰ সহযোগত শিৱসাগৰ জিলাৰ শিমলুগুৰি নাট্য মন্দিৰত ২৯ আৰু ৩০ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত টেডিচনেল চুটুকান কাৰাটে ডু প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
আকৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু জাতীয় মহিলা পৰিষদে সৌন্দৰ্য্য প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে৷ ২৮-৩০ জুলাইত লাকুৱাৰ সৃজনি প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে সৌন্দৰ্য্য প্ৰশিক্ষণ কৰ্মশালা আৰু প্ৰতিযোগিতাৰ।