83
বাঘবৰঃ বাঘবৰত ভাল বাট-পথ এতিয়া বিৰল। সেয়ে ৰাইজে মন্ত্ৰী-বিধায়ককে প্ৰত্যাহ্বান জনাইছে যে যদি পাৰে তেন্তে মন্ত্ৰী-বিধায়কে আহি অঞ্চলটোত ভাল বাট-পথ এটা বিচাৰি দিয়ক।
বাঘবৰৰ পৰা শিলোচী পাথাৰ, মিলিজুলি হৈ জিলা সদৰলৈ যোৱা একমাত্র ৰাস্তা খন সম্পূৰ্ণ হৈ নুঠিল। ৰাস্তাটো মাজে মাজে পুখুৰী সাদৃশ গাত। যাৰ ফলত বছৰৰ পিছত বছৰ ধৰি যাতায়তৰ নামত নৰক যন্ত্ৰণা ভূগিছে বাঘবৰ, সত্ৰকণৰা, মানিকপুৰ, ৰামাপাৰা, সোণাবাড়ীসহ কেইবাখনো পঞ্চায়তৰ ৰাইজে।