106
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত থকা ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থানত বিগত বৰ্ষৰ দৰে এইবাৰো ‘শৰাইৰ এদিন আৰু গৰখীয়া সবাহ’ উৎসৱটি ২৯ আৰু ৩০ জুলাইত দুদিনীয়াকৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰা হৈছে৷
এই মৰ্মে, ৰাসেশ্বৰ নাথক সভাপতি, নগেন চন্দ্ৰ নাথ আৰু প্ৰবীন নাথক উপ-সভাপতি, ৰমেন নাথক কাৰ্যকৰী সভাপতি আৰু উৎপল বৰদলৈক সম্পাদক হিচাপে লৈ এখনি উৎসৱ উদযাপন সমিতি গঠনেৰে ব্যাপক প্ৰস্তুতি চলিছে৷