গোৰেশ্বৰঃ অসমত প্ৰায় সত্তৰ লাখ কলিতা জনগোষ্ঠীৰ লোকে বসবাস কৰে। অসমত কলিতাসকলৰ শতকৰা হাৰ প্ৰায় ২৩ শতাংশ। অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে পৃথক ৰাজ্য বা লেণ্ড বিচাৰিছে যিসকলৰ ৰাজ্যখনত জনসংখ্যাৰ শতকৰা হাৰ মাত্ৰ তিনি শংতাশ। তেন্তে ২৩ শতাংশ জনসংখ্যা বসবাস কৰা কলিতাসকলৰ বাবে চৰকাৰে কিয় কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে। এই মুকলি আহ্বান কলিতা জনগোষ্ঠী সন্মিলনী, অসমৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিৰ।
২৫ জুলাইত গোৰেশ্বৰ ৰাজহ চক্ৰ এলেকাৰ মহৰিপাৰাত কলিতা জনগোষ্ঠী সন্মিলনী, অসমৰ তামুলপুৰ জিলা সমিতিৰ অন্তৰ্গত উত্তৰ বেতনা আঞ্চলিক সমিতিৰ উদ্যোগত টেঙাঝাৰ গাওঁ স্থিত উত্তৰ বেতনা শংকৰদেৱ সত্ৰত আয়োজিত সম্বৰ্ধনা আৰু কীৰ্তিমান শিক্ষার্থীক অভিনন্দন অনুষ্ঠানৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি কাকতিয়ে এনেদৰে কয়।