কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কাকপথাৰ আঞ্চলিক সমিতিৰ সহযোগত কাকপথাৰ আঞ্চলিক প্ৰেক্ষাগৃহৰ প্ৰাংগণত ২০ জুলাই পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা, জ্যোতি আৰু ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে৷
উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰুণজ্যোতি মৰাণকে ধৰি বিষয়-ববীয়া সকল আৰু কাকপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক আৰু বহুকেইজন বিশিষ্ট ব্যক্তি৷ এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে আছিল সমনজিৎ মৰাণ, অনাতাৰ শিল্পি দ্ৰোণকান্ত মৰাণ আৰু নিৰ্মল দহোতীয়া৷