ধিংঃ অকৰ্মন্য মন্ত্ৰীৰ অকৰ্তৃত্বশীল বিভাগত পৰিণত হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগ৷ ঘৰে ঘৰে ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত বিদ্যুৎ নাযায়, মাজে মাজে আহে হে৷
সমগ্ৰ ৰাজ্য জুৰি বিদ্যুৎ বিভাগৰ এনে কাণ্ডত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ৷ উৎকট গৰমৰ দিন কেইটাতো অনিয়মীয়া বিদ্যুৎ যোগানে মানুহক হাৰাশাস্তি কৰাৰ সময়তে বিদ্যুৎ বিভাগৰ কাণ্ড কাৰখানাত অতিষ্ঠ হৈ নগাঁও জিলাৰ খালৈগাঁৱৰ ৰাইজে বুধবাৰে নিশা খালৈগাঁৱৰ ১৩২/৩৩ kv গ্রীড পাৱাৰ ষ্টেচনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷