লংকাঃ হোজাইত বৃদ্ধি পাইছে আজৱ ডকাইতি। কেতিয়াবা যদি সদয়ৰ হাত আগবঢ়োৱাৰ চলেৰে গাঁৱৰ আজলি মহিলাৰ পৰা ধন লুটি লৈ যায়, কেতিয়াবা আকৌ গাত বিছা দলিয়াই দুৰ্বৃত্তই লুটি লৈ যায় ব্যৱসায়ীৰ ধন৷ এইবাৰ হোজাই জিলাৰ লংকা চহৰত সংঘটিত হ’ল আন এক আজৱ ডকাইটি কাণ্ড৷
এইবাৰ গাত বিছা দলিয়াই অথৱা সহায়ৰ হাত আগবঢ়ায়ো নহয়, এইবাৰ পইচা দেখুৱাই লুটি লৈ গল বৃহৎ পৰিমাণৰ ধন৷ কোনেও তলকিবই নোৱাৰিলে৷ আৰক্ষী প্ৰশাসন কিম্বা স্থানীয় লোকে ঘটনাটো বুজি উঠাৰ আগতেই ধন লৈ উধাও হ’ল ডকাইতৰ দল৷