গোলকগঞ্জঃ চৰকাৰক প্ৰত্যাহ্বান জনাই সজল ফাউণ্ডেচনৰ মুখ্য সঞ্চালক সজল সিঙে তামাৰহাটত আজি বিনামুলীয়া এম্বুলেঞ্চ সেৱা মুকলি কৰে৷ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত সজল ফাউণ্ডেচন NGOৰ তৰফৰ পৰা প্ৰথম বৰ্ষপূতি উপলক্ষে বিনামূলীয়া চিকিৎস্যা শিৱিৰ আৰু ৰাইজৰ বাবে এম্বূলেঞ্চ মুকুলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত বিনামূলীয় চিকিৎসা শিৱিৰত ‘দ্য হাৰ্ট, সহৃদয় গোষ্টি’ তথা গুৱাহাটিৰ হৃদ বিশেষজ্ঞ চন্দন মদক আৰু নাক-কাণ-ডিঙি বিশেষজ্ঞ বুবুল চন্দ্ৰ ৰায়ৰ সহযোগত ১৩ গৰাকী বিভিন্ন চিকিৎসকৰ লগতে পশ্চিমবংগৰ ছয় গৰাকী বিশিষ্ট চিকিৎসকে এই শিবিৰত উপস্থিত হৈ চিকিৎসা প্ৰদান কৰে।