ডিজিটেল ডেস্কঃ সকলো ধৰ্মই ঈশ্বৰৰ দ্বাৰা প্রেৰিত আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত। ঈশ্বৰৰ ইচ্ছামতেই পৃথিৱীৰ সকলো হয়। প্ৰাকৃতিক দুৰ্যোগ, জন্ম-মৃত্যু, বিবাহ, কাৰোবাৰ বৰণ ক’লা-বগা, তীক্ষ্ন-ভোটা মুঠতে সকলো ঈশ্বৰৰ পৰাই হয়৷ যাৰ বাবে এই পৃথিৱী বৈচিত্রময়৷
সকলো ঈশ্বৰৰ মতে হয় যদিও একাংশ লোকে কেনেকৈ ঈশ্বৰৰ বিপৰীতে গৈ ভগৱানক অমান্য কৰি হত্যা, ধৰ্ষণ, মদ-ভাং, জুৱা-তীৰ, চুৰি-ডকাইতি দুৰ্নীতি, অনীতি, মিছা কথা কোৱা, লোভ-মোহ, প্ৰকৃতি ধ্বংস কৰা আদি নানা অনৈতিক কামত লিপ্ত হয় সেয়া আশ্চৰ্যজনক৷ এনেধৰণৰ লোকসকলৰ বাবে পৃথিৱীত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে শান্তি-সম্প্ৰীতি ভংগ হৈ আহিছে৷