ডিজিটেল ডেস্কঃ দেশত আজিও আছে ক্ষমতাশালী লোকৰ দপদপনি। বিশেষকৈ গ্ৰাম্য অঞ্চলত একাংশ মাতব্বৰ পৰিয়ালে দেহৰ বলেৰে সকলোকে কাবু কৰি ৰাখিব বিছাৰে৷ তেওলোকে শাসকৰ ভাও লই গাঁও অঞ্চলত৷ তেনে পৰিয়াল বোৰে ভুল বুলি কলে ভুল শুদ্ধ বুলি কলে শুদ্ধ যেন হৈ পৰে৷ তেনে পৰিয়ালে দুৰ্বলসকলৰ কন্যাক যৌন নিৰ্যাতন কৰিবও নেৰে৷ যৌন নিৰ্যাতন তথা তেওলোকৰ অপকৰ্মৰ প্ৰতিবাদ কৰিলে মাৰধৰ তথা হত্যা কৰাৰ ভাবুকি দি মুখ বন্ধ কৰাৰ চেষ্টা চলাই৷
তেনেই এক ঘটনা পোহৰলৈ আহিছে পশ্চিমবংগৰ মেদিনীপুৰৰ কেচিয়াৰি অঞ্চলত৷ কিন্তু এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১৮ দিন পাৰ হৈ যোৱাৰ পিছত হে পোহৰলৈ আহে৷ মুখ খুলিবলৈ ভয় কৰিছিল যদিও অৱশেষত আৰক্ষীৰ ওচৰ চাপে ভুক্তভোগী৷ পশ্চিমবংগৰ মেদিনীপুৰৰ কেচিয়াৰি অঞ্চলত চাৰিগৰাকী কন্যা আৰু এটি পুত্ৰ সহ এটি দৰিদ্ৰ পৰিয়ালে বসবাস কৰে৷ পৰিয়ালটোৰ দুগৰাকী কন্যা পলিটেকনিকৰ ছাত্ৰী, এগৰাকী বিএড পঢ়ি থকাৰ লগতে সৰু গৰাকী নৱম শ্ৰেণীত পঢ়ি আছে৷