গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগক লৈ একাংশ দল-সংগঠন তথা ব্যক্তিয়ে জনতাক পনবন্দী কৰাৰ অভিসন্ধি ৰচনা কৰিছে। এনআৰচিৰ উন্নীতকৰণত বিধি-পথালি দিয়াৰ অপচেষ্টা কৰিছে।ৰাজ্যত উদ্ভৱ হোৱা এনে পৰিস্থিতি অতি দুৰ্ভাগ্যজনক। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে অসমীয়া মুছলমান কল্যাণ পৰিষদ আৰু সদৌ অসম গৰিয়া যুৱ পৰিষদে৷
এনআৰচিক খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকবচ আখ্যা দি ৰাজ্যৰ উজনি-নামনিৰ প্ৰায় ৪২ লাখ খিলঞ্জীয়া ইছলামধৰ্মী ভূমিপুত্ৰ শংকিত হৈ পৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে শংকাৰ কোনো কাৰণ নাই বুলি মত ব্যক্ত কৰে অসমীয়া মুছলমান কল্যাণ পৰিষদ আৰু সদৌ অসম গৰিয়া যুৱ পৰিষদে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওলোকক প্ৰকৃত নাগৰিকৰ মৰ্যদা দিয়া হ’ব নে নাই তাক লৈ শংকিত হৈ পৰা বুলি অভিযোগ উত্থাপন হৈ মাজতে ইছলামধৰ্মী খিলঞ্জীয়া সংগঠন দুটাই শংকিত হৈ পৰাৰ কোনো কাৰণ নাই বুলি কয়৷