ডিজিটেল ডেস্কঃ দেশত পুনৰ সাংবাদিক হত্যা৷ এইবাৰ যোগী আদিত্য নাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ গাজিপুৰত নিচে ওচৰৰ পৰা গুলীয়াই হত্যা কৰে এজন সাংবাদিকক৷ এখন হিন্দী দৈনিক বাতৰি কাকতৰ ৰাজেশ মিশ্ৰ নাম সাংবাদিকগৰাককী শনিবাৰে গুলীয়াই হত্যা কৰে৷ ৰাজেশ মিশ্ৰৰ ভাতৃৰ দেহটো গুলী লাগে৷
ভাতৃৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ দৈনিক জাগৰণ কাকতৰ সাংবাদিকগৰাকীয়ে এখন দোকানত ভাতৃ অমিতৰ সৈতে বহি আছিল৷ তেনে সময়তে বাইকত অহা দুৰ্বত্তই সাংবাদিকগৰাকীক লক্ষ্য কৰি গুলী চালনা কৰে৷ মুৰত গুলী লগাৰ ফলত সাংবাদিক মিশ্ৰৰ থিতাতে মৃত্যু হয়৷