মঙলদৈঃ মঙলদৈৰ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত সোমবোৰে মঞ্চস্থ হয় এখন সৰ্বাংগ সুন্দৰ নাট ‘থলবা’৷ মঙলদৈৰ জাগ্ৰত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সুদুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ নাগপুৰৰ পৰা অহা লোকজাগৃতি সংস্থাৰ চন্দ্ৰপুৰৰ নাট ‘থলবা’ত অভিনয় কৰে মুঠ আঠ গৰাকী অভিনেতা-অভিনেত্ৰীয়ে৷
লেখক মনোহৰ পাটিলৰ থলবা উপন্যাসক নাটকৰ ৰূপ দিয়া হৈছে৷ মহাৰাষ্ট্ৰীয় ভাষাৰ এই নাটক খনৰ শিৰোনাম থলবাৰ অৰ্থ হৈছে শ্ৰমিকৰ দূখ দৰ্গতি৷ নাটক খনত আঠ গৰাকী অভিনেতা অভিনেত্ৰীয়ে পৰিপক্ক অভিনয়েৰে মালিক পক্ষই শ্ৰমিকক কৰা প্ৰতাৰণা আৰু শোষণৰ চবিখন সুন্দৰ ভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে৷