গুৱাহাটীঃ অসমৰ ভাষা-সাহিত্য বহুলভাৱে অধ্যয়ন কৰাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হৈছে লক্ষ্নৌৰ ভাষা বিজ্ঞানী বৰ্ষভ জৈন। দেশৰ প্ৰায় সংখ্যক আঞ্চলিক ভাষা অধ্যয়ন কৰা এইগৰাকী ভাষা বিজ্ঞানীক যোৱা ১৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় কবি সংগমে উষ্ম আদৰণি জনায়।
জু-ৰোডস্থিত ভাষা বিজ্ঞান পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এই আদৰণি সভাত বিজ্ঞানীগৰাকীয়ে কয় যে অসমত থকা জাতি-জনগোষ্ঠীয় ভাষাসমূহক কবিতা আৰু সাহিত্যৰ যোগেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিবলৈ তেওঁ প্ৰয়াস কৰিব।