ডিজিটেল ডেস্কঃ চুপাৰ পাৱৰ আমৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যা ইভানকা ট্ৰাম্প আহিব ভাৰতলৈ। নৰেন্দ্ৰ মোডীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ডোনাল্ড ট্ৰাম্পৰ কন্যাক ভাৰতলৈ নিমন্ত্ৰণ দি আহিছিল। শেহতীয়াকৈ বিশেষ ভ্ৰমণসূচী লৈ ট্ৰাম্পৰ কন্যা ইভানকা ট্ৰাম্প হায়দৰাবাদলৈ আহিব। হায়দৰাবাদ প্ৰশাসন এতিয়া ব্যস্ত হৈ পৰিছে ইভনকাক আদৰণী জনাবলৈ।
চুপাৰ পাৱাৰ দেশৰ চুপাৰ কন্যাক আদৰিবলৈ বাট-পথ চাফ-চিকুণ কৰাৰ লগতে পথৰ দাতিৰ পৰা আঁতৰাই নিছে পথৰ দাতিত বাস কৰা লোকসকলক। পথত বসবাস কৰা ভিক্ষাৰী সকলক এটি বিশেষ ঠাইত ৰখাৰ ব্যৱস্থা কৰে। তাৰ মাজতে ঘটিল এক আঁচৰিত ঘটনা। তাৰ মাজতে দুগৰাকী বিশেষ ভিক্ষাৰী উদ্ধাৰ হয়।