ডিজিটেল ডেস্কঃ ঘৰখনত চাৰিগৰাকী জীয়ৰী। চাৰিওগৰাকীয়ে একেলগে ডাঙৰ-দীঘল হৈছে। ১২ বছৰ পূৰ্বে ঘৰ খনৰ ডাঙৰ জায়ৰীক বিয়া দিয়ে পৰিয়ালটোৱে৷ প্ৰথমে সকলো ঠিকে ঠাকে আছিল৷ বিবাহৰ কিছুদিন পাৰ হোৱাৰ পিছৰে পৰা ডাঙৰ জীয়ৰীক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে স্বামীয়ে৷ উত্তৰ প্ৰদেশৰ জগদীশপুৰৰ অৱসৰ প্ৰাপ্ত সেনা জোৱান বিৰেন্দ্ৰ কুমাৰৰ ৪ গৰাকী কন্যাৰ ভিতৰত ডাঙৰগৰাকীক বিয়া দিছিল পুষ্পেন্দ্ৰ নামৰ সেনা বিষয়া এজনৰ সৈতে৷
কিন্তু বিয়াৰ পিছৰ পৰাই যৌতকুৰ বাবে ডাঙৰ জীয়ৰীক অত্যাচাৰ কৰাৰ আৰম্ভ কৰে স্বামীয়ে৷ তাৰ মাজতে বিৰেন্দ্ৰ কুমাৰৰ সৰু জীয়ৰীৰ বিয়াৰ দিন ঠিক হয়৷ বিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ লগতে হ’বলগীয়া জোৱাইক দিবৰ বাবে আঙুঠি পৰ্যন্ত কিনি আনে৷ কেনেবাকৈ আঙুঠি কিনি অনাৰ কথা ডাঙৰ জোৱায়েক অৱগত হয়৷ তাৰ পিছতে তথা বিবাহৰ দিনটোতে ডাঙৰ জীয়ৰীৰ দেহত জুই লাগাই হত্যা কৰে স্বামীয়ে৷