গুৱাহাটী/নলবাৰীঃ দেশৰ মনোৰঞ্জনৰ আগশাৰীৰ জনপ্ৰিয় চেনেল কালাৰ্ছৰ ৰাইজিং ষ্টাৰ ৰিয়েলিটি-শ্বত নলবাৰীৰ এগৰাকী জীয়ৰীক আমন্ত্ৰণ জনোৱাত আনন্দিত হৈ পৰিছে নলবাৰীবাসী৷ শৈশৱ কালৰ পৰা সংগীতৰ পৰিবেশত দাঙৰ-দীঘল হোৱা জীয়ৰীগৰাকীয়ে শীঘ্ৰে মুম্বাইলৈ উৰা মাৰিব বুলি জানিব পৰা গৈছে৷
দীৰ্ঘ সময়ৰ পৰা সংগীতৰ সাধনাত ব্যস্ত থকা নলবাৰীৰ অময়াপুৰৰ জৌতিষ চন্দ্ৰ বৈশ্য আৰু বিচিত্ৰা বৈশ্যৰ কন্যা চয়নিকা বৈশ্যই কালাৰ্ছৰ ৰাইজিং ষ্টাৰ ৰিয়েলিটী শ্ব’ৰ চূড়ান্ত ৰাউণ্ডৰ বাবে মুম্বাইৰ ষ্টুডিঅ’লৈ আমন্ত্ৰিত হৈছে৷