মুম্বাইঃ অভিনয় কৰিবলৈ সুযোগ নাপাই ক্ষোভিত যুৱকে দিলে বলিউড তাৰকাক মৃত্যুৰ ভাবুকি। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ সন্দীপ সাহু নামৰ যুৱকজনে ধাৰাবাহিকত কাম পোৱাৰ আশাত প্ৰায়ে মুম্বাইলৈ অহা-যোৱা কৰি আছিল। কাম নাপাই হতাশ হৈ পৰা যুৱকজনে শেষত চলচিত্ৰ নিৰ্মাতা মহেশ ভাটৰ কন্যা আলিয়া ভাট আৰু পত্নী চনী ৰাজদানক ফোনযোগে হত্যাৰ ভাবুকি দিয়ে। তাৰোপৰি তাৰ বাবদ ৫০ লাখ টকাও বিচাৰে যুৱকজনে।
এই বিষয়ে মহেশ ভাটে টুইটাৰযোগে টুইট কৰাৰ উপৰিও বুধবাৰে মহেশ আৰক্ষী চকীত এজাহাৰে দিয়ে। আজি মুম্বাই আৰু উত্তৰ প্ৰদেশৰ আৰক্ষীৰ যুটীয়া অভিযানত অপৰাধীজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।