মাজুলীঃ স্বকীয় প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰে দেশী-বিদেশী পৰ্য্যটকৰ সমাদৰ লাভ কৰা মাজুলী বৰলুইতত জাহ যোৱাৰ উপক্ৰম হৈছে। তথাপিও মাজুলীত মথাউৰি নিৰ্মাণত দুৰ্নীতি কমা নাই, ঐতিহ্য হেৰাই গ’লেও যেন গাত নালাগে এচাম ধনৰ লুভীয়া ঠিকাদাৰৰ। এই অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত।
জানিব পৰা মতে ৬.১০ কোটি টকাৰে নিমাণ কৰা বেচামৰা হালধিবাৰী মথাউৰী পূবৰ চিগা অংশৰ মেৰামতিত ব্যাপক অনিয়ম সংঘটিত হৈছে। এচাম ঠিকাদাৰে যোৱা বৰ্ষৰ প্ৰৱল বানপানীয়ে বিধ্বস্ত কৰা মাজুলীৰ মুধচ স্বৰূপ বনগাৱৰ সমীপৰ হালধিবাৰী-বেচামৰা মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে ৬.১০ কোটি টকাৰ ঠিকা লাভ কৰিছিল।