গুৱাহাটীঃ ৰাজ্যত আকৌগুণোৎসৱ৷ বুধবাৰে পুৱাৰে পৰা শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত হৈ পৰিল গুণোৎসৱৰ বাবে৷ ৰাজ্যৰ শিক্ষানুষ্ঠানত বুধবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল ঘোষণাৰ পিছতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হয় বুধবাৰৰ পৰা৷ গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে প্ৰতিটো শিক্ষা খণ্ডৰ প্ৰতিখন বিদ্যালয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷
গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছিল ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক উন্নয়ন সাধন কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে গুণোৎসৱ৷ বুধবাৰৰ পৰা শোণিতপুৰ জিলাকে ধৰি ১৩ জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছে৷