86
দিল্লীঃ বেংকৰ একাউণ্টত ন্যুনতম বেলেঞ্চ নৰখাসকলৰ বাবে দুখবৰ। এতিয়াৰপৰা একাউণ্টত নুন্যতম বেলেঞ্চ নাৰাখিলে জৰিমনা ভৰিব লাগিব গ্ৰাহকে।
সকলোকে আচৰিত কৰি দেশৰ সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ ভাৰতীয় ষ্টেট বেংকে ঘোষণা কৰিছে নতুন নিয়ম। আগন্তুক বিত্তীয় বৰ্ষ অৰ্থাৎ ১ এপ্ৰিলৰপৰা কাৰ্যকৰী হ’বলগা এই নতুন নিয়মমতে ছেভিংছ একাউণ্টত ন্যুনতম ৰাশি নাৰাখিলে গ্ৰাহকে বেংকক দিব লাগিব জৰিমনা। এই জৰিমনা গ্ৰামীণ আৰু চহৰাঞ্চলৰ বাবে বেলেগ বেলেগ হ’ব।