চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত দুৰ্নীতি বিৰোধী অভিযান ধোঁৱাচাঙত উঠা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত অধ্যক্ষৰ বিৰুদ্ধে জিলা প্ৰশাসনে তদন্ত কৰিও তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত ক্ষোভিত হৈ প্ৰতিবেদন ৰাজহুৱা কৰাৰ সাহস নাই বুলি সংগঠনটোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
সংগঠনটোৱে এক বিবৃতিত যোগে এই অভিযোগ উত্থাপন কৰি ডিব্ৰুগড় জিলাৰ চাবুৱাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষই ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে৷