ডিব্ৰুগড়ঃ ডিব্ৰুগড়-তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী যুৱকে৷ ব্ৰহ্মপুত্র এথনিক ফেষ্টৰ মেগা মিষ্টাৰ এণ্ড মিছ বহ্মপুত্র অসমৰ সৌন্দৰ্য প্ৰতিযোগিতাত মেগা মিষ্টাৰ খিতাপ অৰ্জন কৰি উজনি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷
ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ জাহাজ ঘাটত যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্র এথনিক ফেষ্টৰ মেগা মিষ্টাৰ এণ্ড মিছ বহ্মপুত্র অসমৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজনি অসমৰ তিনিচুকীয়া জিলাৰ ফিল’বাৰী সন্তান মুগ্ধজ্যোতি শইকীয়াই এই খিতাপ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷