গুৱাহাটীঃ অসমৰ সাংসদ সুষ্মিতা দেৱে ‘টেক্স ফ্ৰী উইংগছ’ নামৰ এক বিশেষ সজাগতা অভিযান আৰম্ভ কৰাৰ পাছতে দেশজুৰি শ শ মহিলাই এই অভিযানত সমৰ্থন আগবঢ়াইছিল৷ ইমানে নহয় সাংসদগৰাকীয়ে চেনিটেৰী নেপকিনৰ ওপৰত চৰকাৰো লগোৱা কৰ আঁতৰোৱাৰ বাবে চেঞ্জ ডট অৰ্গযোগে প্ৰচাৰ আৰম্ভ কৰিছিল৷ ২০১১ চনৰ এক চৰকাৰী সমীক্ষা মতে ১১ শতাংশ মহিলাইহে চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। বহুতে আকৌ ইয়াক বিলাসিতা বুলিও গণ্য কৰে।
অসমত মাহেকীয়া সংক্ৰান্ত সজাগতা আৰু জ্ঞান বহু মহিলাৰ বহু কম৷ চেনিটেৰি নেপকিন দুৰৰ কথা একেখন টুকুৰা কাপোৰকে বাৰম্বাৰ ব্যৱহাৰ কৰে কিছু মহিলাই। চেনিটেৰী নেপকিন কেনেকৈ ব্যৱহাৰ কৰিব মহিলা সকলে জ্ঞাত নহয়৷ অস্বাস্থ্যকৰ নেপকিনৰ মাধ্যমেদি মেগটছ, মায়’ছিছ জাতীয় বিজানু সংক্ৰমণ হ’ব পাৰে৷ এনেবোৰ সামাজিক বাৰ্তা লৈ ছবিঘৰলৈ আহিছে অক্ষয় কুমাৰৰ হিন্দী বোলছবি পেডমেন৷ মহিলাৰ সমস্যাক লৈ নিৰ্মাণ কৰা অক্ষয় কুমাৰৰ বহু চৰ্চিত হিন্দী ছবি PadMan আহিল ছবিঘৰলৈ।