মহৰিপাৰাতঃ ফাকুৱাৰ আনন্দৰ মাজতে ১২ মাৰ্চৰ নিশা বাগসা জিলাৰ মহৰিপাৰাত নিজকচুলা গাঁৱত প্ৰায় ৩৬ বিঘা মাটিত কেবাজনো খেতিয়কে কৰা মচুৰ খেতি দুৰ্বৃত্তই জ্বলাই দিয়াক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা অব্যাহত আছে। জানিব পৰা মতে গাঁওখনৰ হীৰাচুবুৰিৰ খেতিয়কে শুক্লাই নৈৰ পাৰৰ নিজ নিজ ভূমিত কৰা মচুৰৰ খেতি চপাই পথাৰতে থোৱাৰ পিছত কালি নিশা ৮ বজাত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাত আধাতকৈ বেছি মচুৰ জ্বলি ছাই হৈ যায়।
গাঁওবাসীয়ে দাবী কৰা মতে প্ৰায় ৭৫ শতাংশ মচুৰ জ্বলি যোৱাত তিনি লাখ টকাতকৈ অধিক মূল্যৰ লোকচান হয় খেতিয়কসকলৰ। উল্লেখ্য যে শুক্লাই নৈয়ে অঞ্চলটোত দিশ সলনি কৰি থকাত নিজকচুলাৰ হীৰাচুবা আৰু টেঙাঝাৰ গাঁৱৰ হলাচুবা লোকসকলৰ মাজত মাটিৰ সীমাক লৈ মতানৈক্য যোৱা কেবাবছৰ ধৰি চলি আছে। এই মতানৈক্যৰ পৰিণামস্বৰূপে কালিৰ ঘটনাৰ সূত্ৰপাত হয়।