বালিপৰাঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাই বিশ্ব খনক এখন গাঁৱলৈ ৰূপান্তৰ কৰিছে৷ এতিয়া গ্লৱেল গাঁৱত পৰিণত হৈছে সমগ্ৰ বিশ্ব৷ তাৰ সুবিধা লাভ কৰিছে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে৷ ইখন দেশৰ ছাত্ৰই সিখন দেশত সহজে যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰি আহিছে৷ গুগল, ফেচবুক দৰে জনপ্ৰিয় অনুষ্ঠানত এতিয়া বিশ্বৰ বিভিন্ন দেশৰ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিছে৷
শেহতীয়াকৈ অসমৰ এগৰাকী যুৱকে গুগলত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰাহুল শৰ্মাই লাভ কৰিছে নিযুক্তি। ৰাহুল শৰ্মা এতিয়া বিশ্বৰ অন্যতম চহকী চাৰ্জ ইঞ্জিন গুগল প্ৰতিষ্ঠানত বিষয়া হিচাপে নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।