ডিজিটেল ডেস্কঃ বিতৰ্ক আৰু বিজেপি নেতা সুব্ৰমণিয়াম স্বামী যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ স্বামীয়েই মুখ মেলিলেই বিতৰ্কৰ সৃষ্টি হয়৷ এইবাৰ খোদ নিজ দলৰেই জ্যেষ্ঠ মন্ত্ৰীৰ বিৰুদ্ধেই তীৰ্যক মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে সুব্ৰমণিয়াম স্বামীয়ে৷
বীৰ ছাবৰকৰ মুৰ্খ আৰু অৰুণ জেটলী অহংকাৰী৷ এই মন্তব্য আগবঢ়াইছে বিজেপিৰ নেতা তথা ৰাজ্যসভাৰ সদস্য সুব্ৰমণিয়াম স্বামীয়ে৷ চুৰাটৰ বীৰ নৰমদ দক্ষিণ গুজৰাট বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক সমাৱেশত অংশ লৈ স্বামীয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ লগতে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়৷