গুৱাহাটীঃ হস্ততাত, মত্স্যপালন আৰু বড়োধানৰ খেতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা জীৱিকাৰ এক সংহত প্ৰকল্পৰ যোগেদি দহ হাজাৰ খেতিয়ক আৰু শিপিনীৰ জীৱনৰ উত্কৰ্ষ সাধন কৰিবলৈ সক্ষম হৈছে চিটিএম-য়ে। চিটিএম হৈছে চেণ্টাৰ ফৰ মাইক্ৰফাইনেন্স এণ্ড লিভলিহুড, টাটা ট্ৰাষ্ট আৰু মিচিং স্বতন্ত্ৰ পৰিষদৰ এক যুটীয়া প্ৰচেষ্টা। চিটিএম প্ৰকল্পটোৱে ধেমাজি, লখিমপুৰ, মাজুলী আৰু গোলাঘাট জিলাত থকা শিপিনীসকলৰ কৌশলী কৰি তোলাৰ লগতে এছআৰআই প্ৰযুক্তিৰে বড়োধানৰ খেতি আৰু মত্স্যপালন যোগেদি পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
প্ৰকল্পৰ অধীনত নবীন নামৰ হ্ৰস্বম্যাদী বড়ো ধানৰ সংকৰণৰ খেতিৰে উক্ত চাৰিখন জিলাৰ ৮৯ খন গাঁৱৰ ৯৪৭৪ জন কৃষক অভূতপূৰ্ব সফলতাৰ মুখ দেখে। হ্ৰস্বম্যাদী শস্য নবীনেৰে ৯০ শতাংশ খেতিয়কেই বৰ্ষাকাল পৰাৰ আগেয়েই মে মাহত খেতি সামৰিবলৈ সক্ষম হয়। ২০১৭-১৮ বৰ্ষত এই প্ৰক্ৰিয়াৰে ৮৯৪ হেক্টৰ খেতিৰ মাটি সামৰি লোৱা হৈছিল আৰু চলিত বৰ্ষত ৪১০ হেক্টৰ অতিৰিক্ত কৃষিভূমি সামৰি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰতি হেক্টৰ মাটীত পূৰ্বৰ ৩ ৰপৰা বৰ্তমান ৭ টনলৈকে উত্পাদন বৃদ্ধি হোৱা বুলি প্ৰকল্পৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।