গুৱাহাটীঃ বিদ্যালয়ত ঘৃণনীয় কাণ্ড৷ যি কাণ্ড সংঘটিত কৰিছে এগৰাকী শিক্ষকে৷ যি কাণ্ড সভ্য সমাজৰ বাবে কাম্য নহয়৷ তেনেই কাণ্ড সংঘটিত কৰিছে হোজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বামুনগাঁও মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয়ৰ প্ৰধান শিক্ষক চেলিম উদ্দিনে৷ শ্ৰেণী কোঠাত স্কুলৰ ৰান্ধনীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত৷
সাধাৰণতে এনেবাৰ বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকে newsnextone.com৷ অনিচ্ছা স্বতেও প্ৰকাশ কৰিব লগা হয় এনে বাতৰি৷ কিয়নো অসমৰ অভিভাৱকসকলে অধিক সজাগ আৰু সচেতন হোৱাৰ স্বাৰ্থত হে এই বাতৰি প্ৰকাশ কৰা হৈছে৷