Home ৰাজ্যঋণ ওভতাই নিদিয়াৰ ফলত বেংকসমূহে পুনৰ ঋণ দিয়াৰ ক্ষেত্ৰত সমস্যাত পৰেঃৰিহণ

ঋণ ওভতাই নিদিয়াৰ ফলত বেংকসমূহে পুনৰ ঋণ দিয়াৰ ক্ষেত্ৰত সমস্যাত পৰেঃৰিহণ

by News Desk
74 views
A+A-
Reset

ওদালগুৰিঃ অসম ৰাজ্যিক নগৰীয়া জীৱিকা মিচন সংস্থাৰ উদ্যোগত অনুষ্ঠিত এখন সভাত শনিবাৰে ওদালগুৰিৰ বিভিন্ন অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ মাজত ঘূৰ্ণীয়মান সাহাৰ্য্য, দক্ষতা বিকাশৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। ৱাৰ্ড সদস্য যতীন ৰাজবংশীয়ে আত ধৰা সভাত ওদালগুৰি অঞ্চলৰ ৫০টা আত্ম সহায়ক গোট আৰু তিনিটাকৈ ফেডাৰেচনক ১০ হাজাৰ আৰু ৫০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

সভাত মন্ত্ৰীগৰাকীয়ে কয় যে, এই আত্মসহায়ক গোটসমূহৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত মহিলাসকল স্বাৱলম্বী হৈ আহিছে। আত্মসহায়ক গোটসমূহে বেংকৰ পৰা লাভ কৰা বিভিন্ন ঋণৰ জৰিয়তে স্বাৱলম্বী হোৱাও দেখা গৈছে। কিন্তু ইয়াৰ মাজতে একাংশ গোটে তেওঁলোকৰ ঋণসমূহ ওভতাই নিদিয়াৰ ফলত বেংকসমূহে পুনৰ ঋণ দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। লগতে চৰকাৰখনে আগন্তুক দিনত এই আত্মসহায়ক গোটসমূহৰ বাবে আৰু অধিক কাম কৰি যাব বুলি উল্লেখ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0