নগাঁৱঃ বটদ্ৰৱা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানি পথটি৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাসবিজড়িত শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰে পৰা নামনি অসমৰ ৰাইজে সততে ব্যৱহাৰ কৰি আহিছে এই পথটি৷
উল্লেখ্য, এই পথটিৰ মাজেৰে পাৰ হৈ যোৱা সোণাই নৈৰ ওপৰত থকা আওপুৰণি কাঠ দলংখন পকী দলঙলৈ উন্নীত কৰা হয় বিগত কংগ্ৰেছ চৰকাৰৰ দিনত৷ তদানুযায়ী শামুকীয়া গতিৰে নিৰ্মাণ কাৰ্য চলাই নিয়া এই দলংখন প্ৰায় পাঁচ বছৰৰ মূৰত সম্পূৰ্ণ হোৱাত দৌল উৎসৱৰ আগে আগে ইয়াক যাতায়াতৰ বাবে মুকলি কৰি দিয়া হয়৷